SEBA Class 10 Assamese (MIL) – All Chapters Question Answer – সকলো অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ

SEBA Class 10 Assamese (MIL) All Chapters Assamese Medium Question Answer. Get complete chapter-wise solutions, MCQs, important questions

সকলো অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ

এই Post-ত আপুনি SEBA Class 10 Assamese (MIL)-ৰ সকলো ১৬টা অধ্যায়ৰ সম্পূৰ্ণ Assamese Question Answer, MCQs, Important Questions  একেখন পোষ্টতে পাব। এই গাইডখন HSLC 2026 পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।

Chapter-wise Solutions

তলত দিয়া Chapter List-ত ক্লিক কৰি প্ৰত্যেকটা অধ্যায়ৰ সম্পূৰ্ণ সমাধান চাব পাৰিব:
Chapter No. Chapter Name (Assamese) Direct Link
বৰগীত — শ্ৰীশ্ৰীমাধৱদেৱ View Solutions
জিকিৰ — আজান ফকিৰ View Solutions
প্ৰশস্তি — ৰঘুনাথ চৌধাৰী View Solutions
মই অসমীয়া — চৈয়দ আব্দুল মালিক View Solutions
দৃশ্যান্তৰ — হৰেকৃষ্ণ ডেকা View Solutions
উদ্যোগী হওঁ আহাঁ — দেৱজিৎ ভূঞা View Solutions
ভাৰতীয় সংস্কৃতি — হেম বৰুৱা View Solutions
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি View Solutions
ইণ্টাৰনেটৰ তিতা-মিঠা — ড° প্ৰণমী দত্ত View Solutions
১০ অৰুণিমা সিনহা — জয়শ্ৰী গোস্বামী মহন্ত View Solutions
১১ অৰণ্য যাত্ৰা — অনুৰাধা শৰ্মা পূজাৰী View Solutions
১২ পাৰস্যত এভুমুখি — ৰথীন্দ্ৰনাথ গোস্বামী View Solutions
১৩ কানাইৰ চাতুৰী — শ্ৰীধৰ কন্দলী View Solutions
১৪ ধৰ ঝাড়ু ধৰ ভাই — অম্বিকাগিৰী ৰায়চৌধুৰী View Solutions
১৫ বিষাদযোগ — শ্রীভট্টদেৱ View Solutions
১৬ প্ৰাচীন ভাৰতীয় শিক্ষা — হেমচন্দ্ৰ গোস্বামী View Solutions

 

SEBA Class 10 Assamese Chapter 1 বৰগীত – Question Answer

বৰগীত

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

প্ৰশ্নাৱলীঃ

১) চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ

(ক) ”……নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।”
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে শ্ৰীকৃষ্ণ/ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। ভক্তই ঈশ্বৰক জীৱনৰ সকলো অৱস্থাত নিজৰ লগত ৰাখিবলৈ কৈছে।

(খ) ”……সনক সনন্দ যোগী যাহাকু ধিয়ায় ।”
সনক, সনন্দ আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে?

উত্তৰঃ সনক-সনন্দ আদি মহান যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। ইয়াৰে ভগৱানৰ মহিমা প্ৰতিফলিত হৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 2 জিকিৰ – Question Answer

জিকিৰ

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

প্ৰশ্নাৱলীঃ

১। চমু উত্তৰ দিয়াঃ

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰঃ জিকিৰৰ ৰচক হ’ল আজান পীৰ (শ্বাহ মিলান), যি এগৰাকী সুফী সাধু আছিল। তেওঁ অসমলৈ ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিল।

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ জিকিৰবোৰক হিন্দু ধৰ্মৰ ভজন-কীৰ্তন বা বৰগীতৰ লগত তুলনা কৰিব পাৰি। দুয়োটাই ভক্তি আৰু ঈশ্বৰৰ প্ৰশংসাত ৰচিত।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 3 প্ৰশস্তি – Question Answer

প্ৰশস্তি

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

প্ৰশ্নাৱলীঃ

১। অতি চমু উত্তৰ দিয়া:

(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?

উত্তৰঃ ৰঘুনাথ চৌধাৰীক ‘বিহগী কবি’ বুলি জনা যায়।

(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখন হ’ল –
১. ‘সাদৰী’ (১৯১০)
২. ‘কেতেকী’ (১৯১৮)

(গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 4 মই অসমীয়া – Question Answer

মই অসমীয়া

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া:

(ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা।

উত্তৰ: চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম হ’ল ‘বেদুইন’ (১৯৬০)।

(খ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰ: মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।

(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 5 দৃশ্যান্তৰ – Question Answer

দৃশ্যান্তৰ

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাব-বিষয়ক

১) চমু উত্তৰ দিয়াঃ

১। কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?

উত্তৰ: কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।

২। মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰ: মানুহজন কুকুৰীকণা (ৰাতিকুৰা ৰোগত ভুগি থকা) আছিল। সন্ধিয়া নামি অহাৰ লগে লগে তেওঁৰ চকুৰ দৃষ্টি হেৰুৱাত ঘৰ বিচাৰি পোৱা নাছিল।

৩। মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 6 উদ্য়োগী হওঁ আহাঁ – Question Answer, Summary, MCQ & Notes, Pdf

উদ্য়োগী হওঁ আহাঁ

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাব-বিষয়ক

১। (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?

উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম প্ৰকাশ গোস্বামী।

(খ) শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি – Question Answer

ভাৰতীয় সংস্কৃতি

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাব-বিষয়ক 

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰঃ ক্ৰমবৰ্ধমান (Progressive) শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ভাৰতীয় সংস্কৃতি স্থবিৰ নহয়; ই সময়ৰ প্ৰৱাহত নিজকে নতুন ৰূপত অভিযোজিত কৰি চলিছে, অথচ ইয়াৰ মৌলিকত্ব অক্ষুণ্ণ ৰাখিছে।

২। ‘ফ্ৰম ভল্গা টু গংগা’ কাৰ ৰচনা?

উত্তৰঃ ‘ফ্ৰম ভল্গা টু গংগা’ পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ ৰচনা। এই গ্ৰন্থখনত ভাৰতীয় সংস্কৃতিৰ ঐতিহাসিক পৰিৱৰ্তন আৰু বিকাশৰ কথা বর্ণনা কৰা হৈছে।

৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?

উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। এই নৃত্যৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ সমন্বয়শীলতা আৰু সংস্কাৰক শক্তিৰ ইংগিত পোৱা যায়।

৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
View All Question Answer 

 

SEBA Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি – Question Answer, Summary, MCQ & Notes, Pdf

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ 

ভাব-বিষয়ক প্ৰশ্নোত্তৰ

১। অতি চমু উত্তৰ লিখা:

(ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

উত্তৰ: ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ’ল আহোম (মংগোলীয় গোষ্ঠী)।

(খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰসিদ্ধ আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে?

উত্তৰ: ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে।

(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা – Question Answer, Summary, MCQ & Notes, Pdf

ইন্টাৰনেটৰ তিতা-মিঠা

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাব-বিষয়ক প্ৰশ্নোত্তৰ

১। চমুকৈ উত্তৰ লিখা:

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেইবাবে দেউতাকে তাইক কম্পিউটাৰ উপহাৰ দিছিল।

(খ) ইন্টাৰনেট কি?

উত্তৰঃ ইন্টাৰনেট হ’ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ই “Interconnection of Networks” শব্দৰ সংক্ষিপ্ত ৰূপ। চমুকৈ ইয়াক নেট (Net) বুলিও কোৱা হয়।

(গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 10 অৰুণিমা সিন্হা – Question Answer, Summary, MCQ & Notes

অৰুণিমা সিন্হা

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাব-বিষয়ক প্ৰশ্নোত্তৰ

১। চমুকৈ উত্তৰ লিখা:
(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?

উত্তৰঃ অৰুণিমা সিন্হাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

(খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত?

উত্তৰঃ অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত।

(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?

উত্তৰঃ হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
View All Question Answer 

 

SEBA Class 10 Assamese Chapter 11 অৰণ্যযাত্ৰা – Question Answer, Summary, MCQ & Notes

অৰণ্যযাত্ৰা

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাব-বিষয়ক প্ৰশ্নোত্তৰ

১। চমুকৈ উত্তৰ লিখাঃ

(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল।

(খ) পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে?

উত্তৰঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।

(গ) পলে কোনবোৰ কাম ছоৱালীৰ বুলি পাহিক কৈছিল?

উত্তৰঃ পলে ঘৰ সাৰা, বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি-বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি কাম ছোৱালীৰ বুলি পাহিক কৈছিল।

(ঘ) লৰ্ড কাৰ্জন কোন?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 12 পাৰস্যত এভুমুকি – Question Answer, Summary, MCQ & Notes

পাৰস্যত এভুমুকি

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাব-বিষয়ক প্ৰশ্নোত্তৰ

১। চমুকৈ উত্তৰ দিয়া:

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?

উত্তৰঃ লেখকে উল্লেখ কৰা ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

(খ) বুশ্বেৰ কি?

উত্তৰঃ বুশ্বেৰ ইৰাণৰ এখন বন্দৰ নগৰী আৰু গুৰুত্বপূৰ্ণ সামৰিক ঘাটি।

(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?

উত্তৰঃ লেখকৰ লগত দুজন ইৰাণী সহকৰ্মী মেহদি আৰু ঘাছেম আছিল।

(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী – Question Answer, Summary, MCQ & Notes

কানাইৰ চাতুৰী

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাববিষয়ক:

১। অতি চমু উত্তৰ দিয়াঃ
  • (ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

    উত্তৰঃ কৃষ্ণক জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল।

  • (খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

    উত্তৰঃ কৃষ্ণই চাৰি-পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি কৈছিল।

  • (গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই – Question Answer, Summary, MCQ & Notes

ধৰ ঝাড়ু ধৰ ভাই

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাববিষয়ক:

১। অতি চমুকৈ উত্তৰ দিয়াঃ

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰঃ “অসম কেশৰী” আখ্যা দিয়া হৈছিল।

(খ) সাতামপুৰুষীয়া “সোণৰ চোতাল-ঘৰ” কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰঃ বহু যুগৰ ভূঁহু (ধূলি-বালিৰ স্তূপ)ৰ পৰি পোত খাই আছে।

(গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ – Question Answer, Summary, MCQ & Notes

বিষাদ যোগ

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাববিষয়ক:

১। চমু উত্তৰ দিয়াঃ

(ক) মহাৰথী কাক বোলে?

উত্তৰঃ যিজন বীৰে অকলে দহ হাজাৰ ধনুৰ্ধৰ যোদ্ধাৰ সৈতে যুদ্ধ কৰিব পাৰে, তেওঁক মহাৰথী বোলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।

উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হ’ল ভীষ্ম পিতামহ, গুৰু দ্ৰোণ, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ আৰু ভূৰিশ্ৰৱা।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

View All Question Answer 

 

SEBA Class 10 Assamese Chapter 16 প্রাচীন ভাৰতীয় শিক্ষা – Question Answer, Summary, MCQ & Notes

প্রাচীন ভাৰতীয় শিক্ষা

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাববিষয়ক:

১। চমু উত্তৰ লিখা:
(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰ আছিল— পাণিনি, চাণক্য, জীৱক আৰু অত্ৰেয়।

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল?

উত্তৰঃ তক্ষশীলালৈ পশ্চিমৰ পাৰস্য, বেক্ট্ৰিয়া আৰু পূবৰ মগধ (ভাৰতৰ) দেশৰ পৰা ছাত্ৰ আহিছিল।

(গ) নাগাৰ্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?
View All Question Answer 

Join Our Study Groups

Daily Assam Board updates, important questions, PDFs & exam guidance — join free groups.

Najir Hussain
Hi, I’m Najir Hussain — Founder of AssamZone. AssamZone provides SEBA, AHSEC, NCERT solutions, notes, PDFs, previous papers and MCQs to help students learn faster and score better.

Leave a Comment