SEBA Class 10 Social Science All Chapters Question Answer – সকলো অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ

SEBA Class 10 Social Science All Chapters Assamese Medium Question Answer. Get complete chapter-wise solutions, MCQs, important questions

সকলো অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ

এই Post-ত আপুনি SEBA Class 10 Social Science-ৰ সকলো 13 টা অধ্যায়ৰ সম্পূৰ্ণ Assamese Question Answer, MCQs, Important Questions  একেখন পোষ্টতে পাব। এই গাইডখন HSLC 2026 পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।

Chapter-wise Solutions

তলত দিয়া Chapter List-ত ক্লিক কৰি প্ৰত্যেকটা অধ্যায়ৰ সম্পূৰ্ণ সমাধান চাব পাৰিব:
Chapter No. Chapter Name (Assamese) Direct Link
1 বংগ বিভাজন(১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন View Solutions
2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম View Solutions
3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ View Solutions
4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ View Solutions
5 ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য View Solutions
6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ View Solutions
7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা View Solutions
8 পৃথিৱীৰ ভূগোল View Solutions
9 অসমৰ ভূগোল View Solutions
10 ভাৰতীয় গণতন্ত্ৰ View Solutions
11 আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য View Solutions
12 মুদ্ৰা আৰু বেংক ব্যৱস্থা View Solutions
13 অৰ্থনৈতিক উন্নয়ন View Solutions

SEBA Class 10 Social Science All Chapters Assamese Medium Question Answer 

 

SEBA Class 10 Social Science History Chapter 1 – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ 1 নং অধ্যায় “বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন”ৰ সকলো পাঠভিত্তিক  প্ৰশ্ন-উত্তৰ ইয়াত সুন্দৰকৈ সহজ সৰল ভাষাত দিয়া হৈছে।

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অনুশীলনী

অতি চমু উত্তৰৰ প্ৰশ্ন 

১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?

উত্তৰঃ বংগ বিভাজন ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জন (Lord Curzon)ৰ শাসনকালত সংঘটিত হৈছিল ।

২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

উত্তৰঃ ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ।

৩। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰত অনুষ্ঠিত হোৱা এক বিশাল সভাত গ্ৰহণ কৰা হৈছিল ।

৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?

View All Question Answer

 

SEBA Class 10 Social Science History Chapter 2 Question Answer – মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ 2 নং অধ্যায় “মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম”ৰ সকলো পাঠভিত্তিক  প্ৰশ্ন-উত্তৰ ইয়াত সুন্দৰকৈ সহজ সৰল ভাষাত দিয়া হৈছে।

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অতি চমু উত্তৰৰ প্ৰশ্ন 

১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত ব্ৰিটিছ ভাৰতৰ গুজৰাট ৰাজ্যৰ পোৰবন্দৰত।

২। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল?
উত্তৰঃ গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল প্ৰথমে প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাত, য’ত তেওঁ বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ বিৰুদ্ধে হোৱা ৰাষ্ট্ৰীয় বৈষম্যমূলক আইনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল।

৩। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ নৃশংসতাৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে ১৯১৯ চনৰ ৩ জুনত ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ‘নাইট’ উপাধি ত্যাগ কৰিছিল।

৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?

View All Question Answer

 

SEBA Class 10 Social Science History Chapter 3 Question Answer – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অতি চমু উত্তৰৰ প্ৰশ্ন:
১। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?

উত্তৰঃ ব্ৰিটিছ আগমনৰ পিছত অসমত পৰম্পৰাগত শস্য বা শ্ৰমৰ মাধ্যমত কৰ আদায়ৰ ব্যৱস্থা বদলাই মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা হয়।

২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?

উত্তৰঃ ১৮৫৩ চনত।

৩। কেঞাসকল কোন আছিল?

View All Question Answer

 

SEBA Class 10 Social Science History Chapter 4 Question Answer – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে।

২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম শাসন কৰা কালছোৱাক।

৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৭ চনত।

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

View All Question Answer

 

SEBA Class 10 Social Science History Chapter 5 Question Answer – ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?

উত্তৰঃ গংগা উপত্যকাৰ মিৰাট পৰ্যন্ত।

২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত (খ্ৰী.পূ. ৩০০০ৰ পৰা ২৫০০)।

৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ৰ ভিতৰত।

View All Question Answer

 

SEBA Class 10 Social Science Chapter 6 Geography Question Answer – অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

অনুশীলনীঃ

১। অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ উল্লেখ কৰা।

উত্তৰঃ অৰ্থনৈতিক ভূগোল হৈছে ভূগোলৰ সেই শাখা য’ত পৃথিৱীৰ বিভিন্ন ঠাইত মানুহে সম্পদ আহৰণ, উৎপাদন, বিতৰণ, বিনিময় আৰু উপভোগ কৰা কামবোৰ আৰু ইয়াৰ লগত জড়িত সকলো পৰিঘটনাৰ অধ্যয়ন কৰা হয়। ই কেৱল কামবোৰ ক’ত হৈছে তাতেই মনোনিৱেশ নকৰে, বৰঞ্চ সিহঁত কিয় সেই ঠাইত হৈছে আৰু প্ৰাকৃতিক পৰিৱেশ, ৰাজনীতি, সমাজ আদিৰ লগত ইয়াৰ সম্পৰ্ক কেনেকুৱা সেইয়া বুজিবলৈ চেষ্টা কৰে।
মূল বিষয়বস্তু: মানুহৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ ভৌগোলিক বিতৰণ, ইয়াৰ কাৰণসমূহ, আৰু ইয়াৰ ফলাফল।
প্ৰধান শাখাবোৰ হ’ল: কৃষি ভূগোল, উদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল।

২। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
View All Question Answer

 

SEBA Class 10 Social Science Chapter 7 Geography Question Answer – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

১) পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।

উত্তৰঃ পৰিৱেশ হৈছে আমাক চাৰিওফালে আগুৰি থকা, আমাৰ জীৱন-ধাৰণ আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সকলোবোৰ জীৱিত আৰু নিৰ্জীৱ উপাদানৰ সমষ্টি। ই আমাৰ চাৰিওফালৰ প্ৰাকৃতিক, সামাজিক, সাংস্কৃতিক আৰু ভৌত অৱস্থাকো সামৰি লয়।

২) পৰিৱেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰঃ

  • জৈৱিক উপাদান: সকলো প্ৰকাৰৰ জীৱ-জন্তু, গছ-গছনি, অণুজীৱ (যেনে – বেক্টেৰিয়া), মানুহ আদি।

  • অজৈৱিক উপাদান: বায়ু, পানী, মাটি, শিল-বালি, সূৰ্যৰ পোহৰ, তাপ, খনিজ পদাৰ্থ আদি।

৩) স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
View All Question Answer

 

SEBA Class 10 Social Science Chapter 8 Geography Question Answer – পৃথিৱীৰ ভূগোল

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

পৃথিৱীৰ ভূগোল

১) পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: পৃথিৱীৰ ভূপৃষ্ঠক দুটা মুখ্য ভাগত ভাগ কৰিব পাৰি  স্থলমণ্ডল (Landmass) আৰু জলমণ্ডল (Water bodies)। স্থলমণ্ডল হৈছে মাটিৰে গঠিত অংশ, য’ত সাতখন মহাদেশ আছে  এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এণ্টাৰ্কটিকা। ই পৃথিৱীৰ মুঠ মাটিকালিৰ ২৯% আগুৰি আছে, আৰু ইয়াৰ প্ৰায় ৬৭% উত্তৰ গোলাৰ্ধত অৱস্থিত। আনহাতে, জলমণ্ডলে সাগৰ-মহাসাগৰ, নদ-নদী আৰু হ্ৰদ আদি সামৰি পৃথিৱীৰ ৭১% অংশ দখল কৰি আছে। জলমণ্ডলৰ বৃহৎ অংশ (৫৭%) দক্ষিণ গোলাৰ্ধত থাকে।

২) মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
View All Question Answer

 

SEBA Class 10 Social Science Chapter 9 Geography Question Answer – অসমৰ ভূগোল

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

অসমৰ ভূগোল

১. অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।

উত্তৰ:
অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিঃমিঃ (একক হিচাপত ৭৮ হাজাৰ ৪শ ৩৮ বৰ্গ কিঃমিঃ) । ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে, ৰাজ্যৰ মুঠ জনসংখ্যা আছিল ৩,১২,০৫,৫৭৬ জন (একক হিচাপত ৩ কোটি ১২ লাখ পাঁচ হাজাৰ ৫শ ৭৬ জন) । সেই জনসংখ্যাৰ সৈতে ৰাজ্যৰ জনঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৩৯৮ জন হিচাপে পৰিগণিত হৈছে । এই ৰাজ্যখন ভাৰতৰ মুঠ মাটিকালিৰ ২.৪% অংশ আগুৰি আছে ।

২. অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা।

উত্তৰ:
অসমত শিক্ষিত লোকৰ হাৰ সময়ৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে। ১৯৯১ চনত ৰাজ্যৰ সাক্ষৰতাৰ হাৰ আছিল ৫২.৮৯%। ২০০১ চনলৈকে সেই হাৰ বৃদ্ধি হৈ ৬৩.২৫% হয়। শেহতীয়া ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ ৭২.১৯% লৈ বৃদ্ধি পাইছে । এই বৃদ্ধি কেৱল সামগ্ৰিক হাৰতে দেখা নাযায়। ১৯৯১ চনত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ক্ৰমান্বয়ে ৬১.৯০% আৰু ৪৩.০০%। কিন্তু ২০১১ চনলৈ পুৰুষৰ হাৰ ৭৭.৮৫% আৰু মহিলাৰ হাৰ ৬৬.২৭%লৈ উন্নীত হয় । ই ৰাজ্যত শিক্ষাৰ বিস্তাৰ সূচায়।

৩. ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
View All Question Answer

 

SEBA Class 10 Social Science Chapter 10 Political Science Question Answer – ভাৰতীয় গণতন্ত্ৰ

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

ভাৰতীয় গণতন্ত্ৰ

অতি চমু উত্তৰৰ প্ৰশ্ন

১) ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?

উত্তৰঃ শ্ৰমিক দল

২) “কেবিনেট মিছন” ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত

View All Question Answer

 

SEBA Class 10 Social Science Chapter 11 Political Science Question Answer – আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

অতি চমু উত্তৰৰ প্ৰশ্ন

১) ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ পিছত ভৱিষ্যতে যুদ্ধৰ পুনৰাবৃত্তি ৰোধ কৰি বিশ্বত আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা স্থাপন কৰাৰ লক্ষ্যৰে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল।

২) ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ (ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। (খ) সমান অধিকাৰ আৰু আত্মনিৰ্ণয়ৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰা।

৩) ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
View All Question Answer

 

SEBA Class 10 Social Science Chapter 12 Political Science Question Answer – মুদ্ৰা আৰু বেংক ব্যৱস্থা

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

মুদ্ৰা আৰু বেংক ব্যৱস্থা

অতি চমু উত্তৰৰ প্ৰশ্ন

১) বিনিময় প্ৰথা কি?

উত্তৰঃ প্ৰত্যক্ষভাৱে সামগ্ৰীৰ সলনি সামগ্ৰী হিচাপে দি লোৱা আদিম বিনিময় ব্যৱস্থাটোক বিনিময় প্ৰথা (Barter System) বোলে।

২) মুদ্ৰা কি?

উত্তৰঃ বিনিময়ৰ মাধ্যমমূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা যিকোনো সামগ্ৰীয়েই হ’ল মুদ্ৰা।

৩) মুদ্ৰাৰ এটা মূখ্য কাৰ্য উল্লেখ কৰা।

View All Question Answer

 

SEBA Class 10 Social Science Chapter 13 Political Science Question Answer – অৰ্থনৈতিক উন্নয়ন

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

অৰ্থনৈতিক উন্নয়ন

অতি চমু উত্তৰৰ প্ৰশ্ন (এটা বাক্যত ব্যাখ্যা কৰা)

১) (ক) অৰ্থনৈতিক বিকাশ

উত্তৰঃ দেশ এখনৰ মুঠ জাতীয় আয় আৰু জনমূৰি আয়ৰ পৰিমাণ স্থায়ীভাৱে আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰক্ৰিয়াকে অৰ্থনৈতিক বিকাশ বোলে

(খ) অৰ্থনৈতিক উন্নয়ন

উত্তৰঃ দেশ এখনৰ অৰ্থনৈতিক বিকাশৰ লগতে সামাজিক বিকাশ, আয়ৰ সুষম বিতৰণ, জীৱনৰ মানদণ্ডৰ উন্নয়ন আদি সামৰি লোৱা এক বৃহৎ আৰু বহুমুখী প্ৰক্ৰিয়াক অৰ্থনৈতিক উন্নয়ন বোলে।

View All Question Answer

 

 

Join Our Study Groups

Daily Assam Board updates, important questions, PDFs & exam guidance — join free groups.

Najir Hussain
Hi, I’m Najir Hussain — Founder of AssamZone. AssamZone provides SEBA, AHSEC, NCERT solutions, notes, PDFs, previous papers and MCQs to help students learn faster and score better.

Leave a Comment