SEBA Class 10 Social Science History Chapter 4 Question Answer – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
class 10 Social Science chapter 4 question answer
class 10 Social Science chapter 4 question answer assamese medium
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ 4 নং অধ্যায় “ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ”ৰ সকলো পাঠভিত্তিক প্ৰশ্ন-উত্তৰ ইয়াত সুন্দৰকৈ সহজ সৰল ভাষাত দিয়া হৈছে।
পাঠভিত্তিক প্ৰশ্ন-উত্তৰ
ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে।
২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?
উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম শাসন কৰা কালছোৱাক।
৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৩৭ চনত।
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৭৩ চনত।
৫। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?
উত্তৰঃ ‘মিলন’।
৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰঃ ব্ৰিটিছৰ ভূমি ৰাজহ নীতিৰ বিৰুদ্ধে কৃষকৰ স্বাৰ্থ ৰক্ষা কৰা।
৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উত্তৰঃ ১৯৩৩ চনৰ ৮ এপ্ৰিলত।
৮। আহোম সভাৰ সম্পাদক কোন আছিল?
উত্তৰঃ পদ্মনাথ গোঁহাইবৰুৱা।
৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।
১০। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰঃ সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ।
১১। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?
উত্তৰঃ বিষ্ণুৰাম মেধি।
১২। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?
উত্তৰঃ গোপীনাথ বৰদলৈ, ১৯৪৬ চনত।
১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সৰুপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত।
১৪। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।
১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?
উত্তৰঃ ১৯৪৭ চনৰ ৩ নৱেম্বৰত।
১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
উত্তৰঃ ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰত।
চমু উত্তৰৰ প্ৰশ্নঃ
১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ১৮৭২ চনত কলিকতাত অধ্যয়নৰত অসমীয়া ছাত্ৰসকলে ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ প্ৰতিষ্ঠা কৰে। সংগঠনটোৰ মুখ্য লক্ষ্য আছিল অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা আৰু বিকাশ সাধন। দেৱীচৰণ বৰুৱা, গুণগোবিন্দ ফুকন আদিয়ে ইয়াৰ নেতৃত্ব দিছিল। এই ছ’চাইটীয়ে অসমীয়া ভাষাক চৰকাৰী স্বীকৃতি দিয়াবলৈ আন্দোলন কৰাৰ লগতে অসমৰ অৰ্থনৈতিক উন্নয়ন, ৰে’ল সংযোগ আদিৰ বাবেও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল। ১৮৮৫ চনলৈকে ই সক্ৰিয় আছিল আৰু পৰৱৰ্তী সাহিত্যিক-ৰাজনৈতিক সংগঠনসমূহৰ বাটকটীয়া হৈছিল।
২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া।
উত্তৰঃ জোনাকী আলোচনী (১৮৮৯)ৰ যোগেদি আৰম্ভ হোৱা জোনাকী যুগে অসমীয়া সাহিত্যত নৱজাগৰণৰ সূচনা কৰে। এই যুগত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা আদি লেখকসকলে তেওঁলোকৰ ৰচনাত স্বদেশপ্ৰেম, জাতীয় চেতনা, অৰ্থনৈতিক স্বাৱলম্বন আদি বিষয়বস্তু সন্নিৱিষ্ট কৰি অসমীয়া সমাজক জাতীয়তাবাদী চেতনালৈ উদ্বুদ্ধ কৰিছিল। ‘মোৰ দেশ’, ‘অসম সংগীত’ আদি কবিতাই জনমনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল।
৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ১৮৯৩ চনত গঠিত আহোম সভাই আহোম সমাজৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে কাম কৰিছিল। ইয়াৰ প্ৰধান ৰাজনৈতিক দাবী আছিল আহোমসকলক চৰকাৰীভাৱে ‘সংখ্যালঘু’ৰ মৰ্যাদা দি বিধানসভাত স্বতন্ত্ৰ সমষ্টিৰ মাধ্যমেৰে প্ৰতিনিধিত্বৰ সুবিধা দিয়া। ১৯১০ চনত ই ‘সদৌ অসম আহোম এছ’চিয়েছন’লৈ ৰূপান্তৰিত হয় আৰু ১৯৩০-৪০ৰ দশকত এই দাবীসমূহ জোৰদাৰভাৱে উত্থাপন কৰে।
৪। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰঃ আছাম এছ’চিয়েছনে (১৯০৩) ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়সমূহ আছিল
(ক) প্ৰশাসনিক সংস্কাৰ আৰু স্থানীয় স্বায়ত্ত শাসনৰ দাবী।
(খ) বৰ্ধিত কৰ, কানিৰ প্ৰচলন, চাহ বাগানৰ শোষণৰ বিৰোধিতা।
(গ) অসমত বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন।
(ঘ) ১৯১৯ চনৰ মন্টেগু-ছেমছফৰ্ড সংস্কাৰত অসমক অন্তৰ্ভুক্ত কৰাৰ দাবী।
(ঙ) বংগ বিভাজন (১৯০৫)ৰ পিছত অসমক পূৰ্ববংগৰ পৰা পৃথক ৰখাৰ দাবী।
৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ ১৯২০-২২ চনৰ অসহযোগ আন্দোলনত অসমৰ নেতৃত্ব দিয়াসকলৰ ভিতৰত উল্লেখযোগ্য আছিল— কুলধৰ চলিহা (প্ৰদেশ কংগ্ৰেছৰ সভাপতি), নবীন চন্দ্ৰ বৰদলৈ (সম্পাদক), চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ (ছাত্ৰ নেতা), লক্ষীধৰ শৰ্মা, ৰোহিনীকান্ত হাতীবৰুৱা, কনক চন্দ্ৰ বৰুৱা আদি। বহু উকিলে ওকালতি ত্যাগ কৰি এই আন্দোলনত যোগ দিছিল।
৬। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।
উত্তৰঃ ১৯৩০ চনৰ আইন অমান্য আন্দোলনত ছাত্ৰসকলৰ সক্ৰিয় অংশগ্ৰহণ ৰোধ কৰিবলৈ ব্ৰিটিছ চৰকাৰে কানিংহাম চাৰ্কুলাৰ জাৰি কৰে। এই আদেশমতে আন্দোলনত জড়িত ছাত্ৰসকলক জৰিমনা কৰা, ছাত্ৰবৃত্তি বন্ধ কৰা, অভিভাৱকক দায়ী কৰাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই দমনমূলক নীতিয়ে উলটাই ছাত্ৰসকলক অধিক উৎসাহিত কৰিছিল।
৭। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ স্বাধীনতাৰ পিছৰ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই যি প্ৰধান সমস্যাসমূহৰ সন্মুখীন হৈছিল সেইবোৰ হ’ল
(ক) দেশ বিভাজনৰ ফলত অসমৰ ভূ-ৰাজনৈতিক অৱস্থান সংকটাপন্ন হোৱা; চিলিগুৰী কৰিডৰৰ মাধ্যমেহে ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোগ ৰক্ষা হৈছিল।
(খ) পূৰ্ব পাকিস্তান (বাংলাদেশ)ৰ পৰা অসমলৈ হোৱা বৃহৎ অনুপ্ৰৱেশৰ সমস্যা।
(গ) অৰ্থনৈতিক পুনৰ্গঠনৰ প্ৰত্যাহ্বান।
(ঘ) ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত অসমৰ নিৰাপত্তাজনিত চিন্তা।
৮। অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভেটি স্থাপন কৰা হৈছিল ১৯৪৮ চনত নগাঁওত অসম পশু চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপনৰ মাধ্যমেৰে। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ সময়ত হোৱা এই পদক্ষেপসমূহ একত্ৰিত কৰি ১৯৬৯ চনত যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ই উত্তৰ-পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়।
৯। অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰঃ ১৯০০ চনত ডিব্ৰুগড়ত ড॰ জন বেৰী হোৱাটৰ অনুদানত ‘বেৰী হোৱাইট মেডিকেল স্কুল’ স্থাপন কৰা হয়। পিছলৈ ইয়াক উন্নীত কৰি ১৯৪৭ চনৰ ৩ নৱেম্বৰত স্বাধীন অসম চৰকাৰে ইয়াক ‘অসম চিকিৎসা মহাবিদ্যালয়’লৈ ৰূপান্তৰিত কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকান সৈন্যই ব্যৱহাৰ কৰা চিকিৎসালয়ৰ চৌহদত ইয়াক স্থানান্তৰিত কৰা হয়। এই প্রতিষ্ঠান উত্তৰ-পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়।
দীঘল উত্তৰৰ প্ৰশ্নঃ
১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ১৮৮৮ চনত কলিকতাত অধ্যয়নৰত হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা আদি ছাত্ৰসকলে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অভাউস) গঠন কৰে। ইয়াৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ বৈজ্ঞানিক বিকাশ, পাঠ্যপুথি ৰচনা, অনুবাদ কাৰ্য আৰু ভাষাক লৈ হোৱা বিতৰ্কৰ সমাধান কৰা। সভাৰ মুখপত্ৰ ‘জোনাকী’ আলোচনীয়ে সাহিত্যৰ লগতে জাতীয় চেতনাৰ প্ৰচাৰ কৰিছিল। হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ ৰচনা এই সভাৰ অনুপ্ৰেৰণাৰে হৈছিল। বিভিন্ন ঠাইত শাখা স্থাপন, ভাষিক আলোচনা চক্ৰৰ আয়োজন আদিৰ জৰিয়তে সভাই অসমীয়া ভাষা-সাহিত্যৰ ভেটি মজবুত কৰিছিল।
২। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ১৯১৬ চনত গঠিত অসম ছাত্ৰ সন্মিলনৰ মুখ্য লক্ষ্য আছিল ছাত্ৰসমাজৰ মাজত একতা স্থাপন আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন। ইয়াৰ বাৰ্ষিক অধিৱেশনসমূহত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোঁহাইবৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি ছাত্ৰ-যুৱকক দেশপ্ৰেম, জ্ঞান-বিজ্ঞানৰ প্ৰতি উদ্বুদ্ধ কৰিছিল। মুখপত্ৰ ‘মিলন’ৰ যোগেদি সাহিত্য-সংস্কৃতিৰ চৰ্চা আগবঢ়াই নিছিল। পিছলৈ ই ভাৰতৰ স্বাধীনতা আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৯ শতিকাৰ শেষৰ ফালে অসমত গঠিত ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল ব্ৰিটিছৰ জৰিমনা, গ্ৰেজিং কৰ, বৰ্ধিত খাজনা আদিৰ বিৰুদ্ধে কৃষকৰ স্বাৰ্থ ৰক্ষা কৰা। ১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠি খাজনা ৫০% হ্ৰাস, প্ৰব্ৰজন ৰোধ আদি দাবীৰে সংগঠিত হৈছিল। অসমত প্ৰায় ৩০০খন ৰায়ত সভা গঠন হৈছিল। ১৯৩৭ চনত কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাৰ পিছত এই সভাসমূহ ক্ৰমান্বয়ে কংগ্ৰেছ সংগঠনত বিলীন হৈ যায়।
৪। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।
উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠিত যোৰহাট সাৰ্বজনিক সভাৰ মুখ্য উদ্দেশ্য আছিল— ৰাইজৰ আশা-আকাংক্ষা চৰকাৰলৈ নিবেদন কৰা আৰু চৰকাৰী নীতি ৰাইজলৈ ব্যাখ্যা কৰা। ইয়াৰ কাৰ্যাৱলীৰ ভিতৰত আছিল— ১৮৮৬ চনৰ ভূমি ৰাজহ নীতিৰ বিৰোধিতা, ১৮৯২-৯৩ চনৰ কৰ বৃদ্ধিৰ প্ৰতিবাদ, কানি নিবাৰণৰ বাবে ৰাজকীয় আয়োগলৈ স্মাৰকপত্ৰ দাখিল, ১৯০৫ চনৰ বংগ বিভাজনৰ বিৰোধিতা আদি। সভাই অসমীয়াৰ অধিকাৰ সংৰক্ষণৰ দাবীও তুলিছিল।
৫। আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।
উত্তৰঃ ১৯০৩ চনত স্থাপিত আছাম এছ’চিয়েচনে সাংবিধানিক আৰু শান্তিপূৰ্ণ পথেৰে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, শিক্ষামূলক সংস্কাৰৰ বাবে কাম কৰিছিল। ইয়াৰ উল্লেখযোগ্য অৱদানসমূহ হ’ল— স্থানীয় স্বায়ত্ত শাসনৰ দাবী, কানি-মদ নিবাৰণ আন্দোলন, কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি, অসমত বিশ্ববিদ্যালয় আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ দাবী, মন্টেগু-ছেমছফৰ্ড সংস্কাৰ (১৯১৯)ত অসমক অন্তৰ্ভুক্ত কৰোৱা, বংগ বিভাজনৰ পৰা অসমক ৰক্ষা কৰিবলৈ দাবী আদি। ই ১৯২১ চনৰ অসহযোগ আন্দোলনতো অংশ লৈছিল।
৬। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ ১৯২১ চনৰ জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছৱিলাল উপাধ্যায় আদিৰ নেতৃত্বত আছাম এছ’চিয়েচনৰ পৰা বিকশিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হয়। কুলধৰ চলিহা প্ৰথম সভাপতি আৰু নবীন চন্দ্ৰ বৰদলৈ সম্পাদক নিৰ্বাচিত হয়। ইয়াৰ প্ৰধান ভূমিকা আছিল অসহযোগ আন্দোলন (১৯২০-২২) অসমত সংগঠিত কৰা, ১৯২৬ চনত পাণ্ডুত কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিৱেশনৰ আয়োজন কৰা, ১৯৪৬ চনৰ নিৰ্বাচনত বিজয়ী হৈ গোপীনাথ বৰদলৈ নেতৃত্বত প্ৰথম কংগ্ৰেছ মন্ত্ৰীসভা গঠন কৰা। কেবিনেট মিছনৰ সময়ত অসমক গ্ৰুপ ‘চি’ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি অসমক বংগৰ পৰা পৃথক ৰখাত ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল।
৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ ১৯০৫-১৯১১ চনৰ স্বদেশী আন্দোলনত অসমৰ ভূমিকা উল্লেখযোগ্য। যোৰহাট সাৰ্বজনিক সভা, আছাম এছ’চিয়েচনে বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল। অম্বিকাগিৰী ৰায়চৌধুৰী, গোবিন্দ লাহিড়ী আদি নেতাই গুৱাহাটীত ছাত্ৰসকলক সংগঠিত কৰি বিদেশী বস্ত্ৰ বৰ্জন, স্বদেশী দ্ৰব্য ব্যৱহাৰৰ প্ৰচাৰ কৰিছিল। ‘বন্দিনী ভাৰত’ নাটকৰ জৰিয়তে ৰায়চৌধুৰীয়ে জাতীয়তাবাদৰ প্ৰচাৰ কৰিছিল। গুৱাহাটীৰ ছাত্ৰসকলে জাহাজঘাটত কুলীৰ কাম কৰি অৰ্জন কৰা ধন আন্দোলনলৈ দান দিছিল। চৰকাৰে দমন কৰাত ৰায়চৌধুৰীক বন্দী কৰা হৈছিল। এই আন্দোলনৰ প্ৰভাৱত অসমীয়া ভাষাক কলিকতা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়।
৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৯২০-২২ চনৰ অসহযোগ আন্দোলনত অসমে সক্ৰিয় ভূমিকা পালন কৰিছিল। ১৯২১ চনত মহাত্মা গান্ধী অসমলৈ আহি আন্দোলনক গতি দিয়ে। নেতৃত্বত আছিল কুলধৰ চলিহা, নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা আদি। ছাত্ৰসকলে বিদ্যালয়-মহাবিদ্যালয় বৰ্জন কৰে; উকিলসকলে ওকালতি ত্যাগ কৰে। গুৱাহাটীত ‘তিলক সোঁৱৰণী স্কুল’ আদি জাতীয় শিক্ষানুষ্ঠান স্থাপন হয়। বিদেশী কাপোৰ জ্বলাই দিয়া, খাদী প্ৰচলন, কানি বৰ্জন আদি কাৰ্যসূচী ব্যাপকভাৱে পালন কৰা হয়। চাহ বাগানৰ বনুৱাসকলেও হৰতাল আদিৰ জৰিয়তে আন্দোলনত যোগ দিয়ে। এই আন্দোলনে অসমত জাতীয় চেতনা বলৱৎ কৰে।
৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনত অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ। হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদি নেতাই ইয়াত নেতৃত্ব দিছিল। গুৱাহাটীৰ জৰ্জ ফিল্ডত ৰাইজে লোণ আইন অমান্যৰ সমৰ্থনত সভা কৰিছিল। ছাত্ৰসকলৰ মাজত অমিয় কুমাৰ দাস আদিয়ে সচেতনতা সৃষ্টি কৰিছিল। কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে ছাত্ৰসকলে প্ৰতিবাদ কৰি শিক্ষানুষ্ঠান বৰ্জন কৰিছিল। মদ-কানিৰ দোকান বন্ধ কৰা, ৫০% খাজনা হ্ৰাসৰ দাবীত কৃষকৰ সমৰ্থন আদিয়ে আন্দোলনক বিস্তৃত কৰিছিল। যদিও কিছু নেতাৰ অনীহা আছিল, তেওঁলোকৰ বাহিৰেও আন্দোলন সফলভাৱে আগবাঢ়িছিল।
১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন অসমত তীব্ৰ ৰূপ লৈছিল। আন্দোলন আৰম্ভতে চৰকাৰে কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰে আৰু সংগঠনবোৰ নিষিদ্ধ ঘোষণা কৰে। আন্দোলনকাৰীসকলে হৰতাল, শোভাযাত্ৰা, চৰকাৰী সম্পত্তি ধ্বংস, ৰে’ল লাইন উপড়োৱা আদি কাৰ্যসূচী হাতত লয়। সৰুপথাৰ, পাণবাৰী, চাফ্ৰাই আদিত ৰে’ল বগৰোৱা হয়। কুশল কোঁৱৰক ৰে’ল বগৰোৱাৰ অপৰাধত ফাঁচী দিয়া হয়। গহপুৰত ১৪ বছৰীয়া কনকলতা বৰুৱা পুলিচৰ গুলীত শ্বহীদ হয়। নগাঁও, বঢ়মপুৰ আদি ঠাইত প্ৰায় ২৭ গৰাকী লোক প্ৰাণ হেৰুৱায়। শংকৰ চন্দ্ৰ বৰুৱা, জ্যোতি প্ৰসাদ আগৰৱালা আদিয়ে গুপ্ত সংগঠন চলাই আন্দোলনক আগনিয়া। বজালী, ঢকুৱাখানা আদিত সমান্তৰাল চৰকাৰ গঠনৰ প্ৰয়াস হৈছিল। ১৯৪৪ চনলৈকে চৰকাৰে কঠোৰ দমনৰ জৰিয়তে আন্দোলন নিয়ন্ত্ৰণ কৰে।
১১। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত বহুমুখী শিক্ষানুষ্ঠান স্থাপনৰ কাম হাতত লোৱা হয়।
(ক) গুৱাহাটী বিশ্ববিদ্যালয় (১৯৪৮): উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত হয়। প্ৰতিষ্ঠাকালত ১৭খন মহাবিদ্যালয় আৰু ৮টা স্নাতকোত্তৰ বিভাগ ইয়াৰ অন্তৰ্ভুক্ত আছিল।
(খ) অসম কৃষি বিশ্ববিদ্যালয়ৰ ভেটি: ১৯৪৮ চনত নগাঁওত পশু চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাটত কৃষি মহাবিদ্যালয় স্থাপন কৰা হয়, যিবোৰ পিছলৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
(গ) অসম চিকিৎসা মহাবিদ্যালয় (১৯৪৭): ডিব্ৰুগড়ত থকা বেৰী হোৱাইট মেডিকেল স্কুলক ১৯৪৭ চনৰ ৩ নৱেম্বৰত চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা হয়।
এই পদক্ষেপসমূহে স্বাধীন অসমৰ শিক্ষাৰ ভেটি মজবুত কৰিছিল।



